Assamese Kobita

হেমন্তৰ বৰ্ণিল অৰণ্য এটাত....
কৰবাত অকলশৰে বহিবলৈ মন গৈছে।
স্তব্ধতাই ভৰ কৰা গুণগুণ দুপৰীয়াটিক অলপ বুজিবলৈ মন গৈছে।
সৰাপাতৰ শেতেলীত এবাগৰ মাৰি বুকু ভৰাই উশাহ ল'বলৈ মন গৈছে সেই হেৰুৱা সুবাস..
শৈশৱ কোলাতেই যাক এৰি থৈ ঢাপলি মেলিছিলোঁ...
অকণমান ডাঙৰ হওচোন বুলি...
কাহিলি কাহিলি পুৱা সেই ফুল বুটলা দিনবোৰ...
আকৌ এবাৰ ঘূৰাই পাবলৈ মন গৈছে....