| Assamese Love Poem | 
"ভালপোৱাত কি বিচৰা তুমি?"
তেওঁ সুধিছিল...
একাকীত্বত নিমগ্ন এটি ৰাতি...
মৌনতাৰ গড়াল খুলি,
পাৰ ভাঙি বৈ আহিছিল
আবেগৰ ঢৌ...
"আকাশৰ জানো সীমা বিচাৰি পায় কোনেও ??
অথবা চুবলৈ তাক??"
মই কৈছিলোঁ...
নাজানো...হয়তো নাপায়...
তেওঁৰ সহজ উত্তৰ...
এৰা...বৰ বেছি নভবাকৈয়ে,
কিছুমান কথা কৈ দিব পাৰি..
দি দিব পাৰি সহজ উত্তৰ...
অথবা নিজে নভবাকৈয়ে কাৰোবাক
ভাৱনাত বিভোৰ হ'বলৈ দিব পাৰি...
এই যে তুমি হঠাতেই সুধি দিলা কথাষাৰ...
ভালপোৱাত কি বিচাৰো মই...??
মই?? বৰ বেছি একো নিবিচাৰো জানা...
বিচাৰো মাথোঁ...

এসাগৰ ভালপোৱা...